SBI, RBI আৰু মোদী চৰকাৰে মিলি ভালেই লুটপাট আৰম্ভ কৰিছে। বেংকত আপোনাৰ জমা বহীত যদি বছৰেকত 40 বাৰতকৈ বেছি ব্যবহাৰ (টকা জমা কৰা আৰু উঠোৱা ) হয়; তন্তে ৪১ তম ব্যবহাৰৰ পৰা প্রতিবাৰেই আপোনাৰ জমা ধনৰ পৰা 57.50 টকা কাটি নিয়া হব । যদি ও আপুনি চেক, কার্ড, নেট বেংকিং  ব্যবহাৰ  কৰক বা নকৰক , 40 বাৰৰ পিচৰ পৰাই  ডকাইতি আৰম্ভ ।

আপুনি যদি চাকৰি কৰে, তেন্তে 12 মাহৰ দৰ্মহা  মানেই  আপোনাৰ  বছৰি 12 বাৰ ব্যবহাৰ পুৰ্ন হৈছে । আৰু মাহে আপুনি যদি দুবাৰকৈও টকা উঠাই তেনেহলে 12X2= 24 বাৰ অর্থাৎ 24+12= 36 বাৰ ব্যবহাৰ তো এইখিনিতেই হৈ গৈছে । পিচে আৰু থাকিলনু কি 4!

 এইবাৰ মাহেকত কাৰোবাক এখ্নকৈ চেক দিলে 12 মাহত  12 বাৰ-আৰু ই বছৰি 40 বাৰৰ  ব্যবহাৰৰ সীমা ছেৰাই  দেখিব 8 বাৰ বেছি হৈছে । এতিয়া আপুনি দিব লাগিব  57.50X8= 460 টকা।

আপোনাৰ সন্তান যদি বাহিৰত কৰবাত পঢাশুনা কৰে বা মাক দেউতাকলৈ মাহে টকা পইচা পঠাই , বা কোনো এটা  প্রকল্পত হাত দিয়ে তেন্তে হৈ গল ! এই ডকাইত বিলাকে আপোনাৰ  কষ্ট উপার্জিত অর্থৰ ভাগ tax ৰ নামত লৈ যাব ।

বাঃ ৰে বাঃ, মোদি চৰকাৰ ! প্রথমে service tax-ৰ নামত লুটিলে, এইবাৰ চাকৰি কৰা, মাহেকৰ মুৰত  পোৱা নিজৰ টক কেইটাৰ ওপৰত ও লুটপাত আৰম্ভ  হল।

এতিয়া জনতাই কি ভাবে ? এতিয়া  জনতাই এটাই ভাবিব যে নিজৰ টকা বেংকত  নাৰাখি  ঘৰতে ৰখাই ভাল । তেন্তে  অন্তত বেংকক নিজৰ টকাৰ ভাগ দিব নালাগিব SBI-ৰ এই দিন ডকাইটি নীতিয়ে কিন্তু চৰকাৰৰ পতন ঘটাইহে এৰিব ।

ATM ৰ পৰা 4 বাৰৰ অধিক বেছি টকা উঠালে 150 টকা টেক্স আৰু 23 টাকা চাৰ্ভিচ চার্জ মিলি  মুঠ 173 টকা কটা যাব । যি সকল  মোদিভক্তই নোট_বাতিল ৰ সমর্থনত ইমান দিনে দীঘল দীঘল সুন্দৰ সুন্দৰ   বাণী দিছিল তেওঁলোকলৈ আৰু এটা উপহাৰ যে এই 1জুনৰ পৰাই বেংকে  4 টা  transaction ৰ পৰা, প্রতি transaction -ত 150/- টকা কৰি চার্জ লগাইছে। পইচা কি গছত লাগিছে নেকি ? আয় কৰিলে টেক্স, জমা কৰিলে টেক্স, বেংকত টকা থ্লে টেক্স, বেংকৰ পৰা টকা উঠালে টেক্স , ই কি ?

চুপচাপ মানি নলব , এই বিলাক।

Comments

Popular Posts